Job opportunity at Indian Navy |
Last Date: 28/04/2019
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় নৌসেনাত খালী হোৱা 172 টা পদত নিযুক্তিৰ বাবে আগ্ৰহী আৰু যোগ্য পাৰ্থীৰ পৰা আবেদন বিছৰা হৈছে।
পদৰ বিবৰণ (Details of Posts):
পদৰ নাম: চাৰ্জমেন (মেকানিক)
পদৰ সংখ্যা: 170 টা
প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা ( Educational qualification):
পাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেকট্ৰনিকছ নাইবা প্ৰডাকচন ইনজিনিয়াৰিং বিষয়ত ডিপ্লোমাধাৰী হব লাগিব। তদুপৰি দুবছৰৰ অভিজ্ঞতা থকা পাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।
বয়সৰ সীমা (Age Limit):
পদসমূহৰ বাবে পাৰ্থীৰ বয়স 30 বছৰৰ ভিতৰত হব লাগিব। সংৰক্ষিত শ্ৰেণীৰ পাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীসা ৰেহাই দিয়া হব।
দৰমহা (Salary):
পেবেণ্ড- 35400 ৰ পৰা 112400 টকা লগতে অন্যান্য বানচ সমূহ।
আবেদন মাচুল (Application Fees):
পাৰ্থী সকলে 250 টকা আবেদন মাচুল নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ইউ পি আইৰ জৰিয়তে দিব লাগিব। ST/SC/PH আৰু মহিলা পাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
বাচনি প্ৰক্ৰিয়া (Selection Process):
লিখিত পৰীক্ষাৰ জৰিয়তে পাৰ্থী বাচনি কৰা হব।
কেনেকৈ আবেদন কৰিব (How to Apply):
ইচ্ছুক যোগ্য পাৰ্থী সকলে 28/04/2019 তাৰিখৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব।