26 Jul 2020

কৃষি আৰু পশুপালন বিভাগত খালী 2445 টা পদ - আগষ্ট মাহত প্ৰকাশ পাব বিজ্ঞাপন

Assam Agriculture Department Recruitment 2020

অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগত খালী আছে 2445 টা পদ। অতি সোনকালে এই পদ সমূহ পূৰণৰ বাবে বিভাগীয় কতৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিব। আজি জনতা ভৱনত অসমৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই এই কথা সদৰি কৰে। লগতে তেওঁ কয় যে আগষ্ট মাহত এই পদ সমূহৰ বিজ্ঞাপন প্ৰকাশ পাব।
সংবাদত তেওঁ উল্লেখ কৰা মতে খালী পদৰ সংখ্যা এনেধৰণৰ...


কৃষি বিভাগত....
  • তৃতীয় বৰ্গৰ ১৯২০টা,
  • কৃষি উন্নয়ন বিষয়াৰ ১১৩ টা ,
  • কনিষ্ঠ অভিযন্তা পদত ৪২ টা
  • সহকাৰী অভিযন্তা ১২ টা
পশুপালন বিভাগত....
  • তৃতীয় বৰ্গত ৩১ টা,
  • ফিল্ড এছিচটেণ্টত ২২৪ টা,
  • চৰ্তুথ বৰ্গত ৮৬টা
  • ৰাজপত্ৰিত বিষয়া ১৭ টা