- ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়বোৰ খোলাৰ বাবে প্ৰাৰম্ভিক চিন্ত-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে৷
- ছেপ্টেম্বৰ মাহতো স্কুলৰ চতুৰ্থ শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব।
- পঞ্চম পৰা অষ্টমলৈ শ্ৰেণীৰ বাহিৰত ভাগ কৰি শিক্ষা দিব লাগিব।
- সামাজিক দূৰত্ব মানি মুকলি আকাশৰ তলত শিক্ষা দিব পাৰিব।
- নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী বিদ্যালয়লৈ দুদিন আহিব।
- দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত ৪ দিন হ’ব।
- একোটা শ্ৰেণীত ১৫ জনৰ বেছি ছাত্ৰ-ছাত্ৰী থাকিব নলাগিব।
- এদিনত ৩ ঘন্টা পাঠদান হ’ব লাগিব।
- মহাবিদ্যালয়সমূহতো চূ়ড়ান্ত ষান্মাসিকৰ পাঠদান বাধ্যতামূলক হ’ব
- শিক্ষকৰ বাবে উপস্থিতি বাধ্যতামূলক কিন্তু ছাত্ৰৰ বাবে নহয়।