ৰাজ্য চৰকাৰৰ বিশেষ আচনি ঘোষণা।
স্বয়ম আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে ৰাজ্যৰ প্ৰায় ২ লাখ যুৱক-যুৱতীলৈ আগবঢ়াব ৫০ হাজাৰকৈ টকা। প্ৰতি বছৰে অব্যাহত থাকিব আঁচনি।
কোনে পাৱ এই
সুবিধা?
- ১ ছেপ্তেম্বৰৰ আগতে কালেক্টিভ এফৰ্ড আৰম্ভ কৰা সকলে লাভ কৰিব এই সুবিধা।
- গোটসমূহ ১ ছেপ্টেম্বৰ ২০২০ৰ আগতে গঠন হোৱা হ'ব লাগিব ৷
- গোটত ২০ জনত কৈ বেছি বা ৫ জনত কৈ কম সদস্য থাকিব নালাগিব।
- আবেদনকাৰী গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ৷
- আবেদনকাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু ক'পাৰেটিভ বেংকত একাউণ্ট থাকিব লাগিব আৰু একাউণ্টৰ বিৱৰণত গোটটোৰ নাম থাকিব লাগিব ৷
বয়স কিমান হব লাগিব?
- সদস্যসকলৰ বয়স ২০২০ৰ ১ ছেপ্টেম্বৰৰ ভিতৰত ১৮ বছৰৰ ওপৰত বা চল্লিশ বছৰৰ বেছি হ'ব নোৱাৰিব।
শিক্ষাগত অৰ্হতা কিমান লাগিব?
- মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ৷
কত আৰু কেনেকৈ আবেদন কৰিব লাগিব?
- ইয়াৰ বাবে এটা পৰ্টেল মুকলি কৰিছে ৰাজ্য চৰকাৰে ৷
- পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব ৷
- আবেদন কৰাৰ পিছত যুৱক-যুৱতী সকলক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব ৷
- উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব।
- প্ৰথম কিস্তিত ত্ৰিশ হাজাৰ, দ্বিতীয়তে বিশ হাজাৰ টকা দিয়া হ'ব।
Last Date: 07/10/2020
অনলাইন আবেদনৰ বাবে: ইয়াত ক্লিক কৰক