Mukhya Mantrir Nijut Moina Asoni 2026: মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি

By ThejobinAssam

Published on:

Mukhya Mantrir Nijut Moina Asoni

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি (Mukhya Mantrir Nijut Moina Asoni) হৈছে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কল্যাণমূলক আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে উৎসাহিত কৰা আৰু শিক্ষাৰ পৰা ছাত্ৰীৰ dropout হাৰ হ্ৰাস কৰা।

২০২৬ চনৰ নিযুত মইনা আঁচনি ২.০-ৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচী ৬ আগষ্ট ২০২৬ তাৰিখে গুৱাহাটীত আৰম্ভ কৰা হৈছে। যোগ্য ছাত্ৰীসকলে নিজ নিজ শিক্ষানুষ্ঠানৰ জৰিয়তে আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত জমা দিব পাৰিব।

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৬ৰ সুবিধা

এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ যোগ্য ছাত্ৰীসকলক মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

শিক্ষাৰ স্তৰমাহিলী সাহায্যবছৰত সৰ্বাধিক
উচ্চতৰ মাধ্যমিক₹800₹8,000
স্নাতক₹1,250₹12,500
স্নাতকোত্তৰ/B.Ed₹2,500₹25,000

এই ধন DBT (Direct Benefit Transfer) ব্যৱস্থাৰ জৰিয়তে ছাত্ৰীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়।

Also Read
SBI SCO Recruitment 2026 – 207 Specialist Cadre Officer Posts, Apply Online
SBI SCO Recruitment 2026 – 207 Specialist Cadre Officer Posts, Apply Online
September 9, 2026
State Bank of India (SBI) has invited applications from eligible Indian citizens for the engagement of Specialist Cadre Officers (SCO)...
Plugin developed by ProSEOBlogger. Get free gpl themes.

যোগ্যতা

  • আবেদনকাৰী ছাত্ৰী হ’ব লাগিব।
  • অসম ৰাজ্যৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • চৰকাৰী বা প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানত অধ্যয়নৰত হ’ব লাগিব।
  • উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ বা স্নাতকোত্তৰ/B.Ed প্ৰথম বৰ্ষৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব।
  • অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে যোগ্য ছাত্ৰীসকলে সুবিধা লাভ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন প্ৰ-পত্ৰ বিতৰণ: ৬ আগষ্ট ২০২৬
আবেদন জমা দিয়াৰ শেষ তাৰিখ: ১৪ আগষ্ট ২০২৬
প্ৰতিষ্ঠানৰ দ্বাৰা Verification: ১৭ আগষ্ট–১০ ছেপ্টেম্বৰ ২০২৬
অনুষ্ঠানিকভাৱে চেক বিতৰণ: ১০ অক্টোবৰ ২০২৬

যোগ্য ছাত্ৰীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজ নিজ শিক্ষানুষ্ঠানত আবেদন প্ৰ-পত্ৰ জমা দি মুখ্যমন্ত্ৰী নিজুত মইনা আঁচনি ২০২৬ৰ সুবিধা লাভ কৰিব পাৰিব।

নিযুত মইনা আছনিৰ গুৰুত্বপূৰ্ণ লিংক

অফিচিয়েল জাননী ২.০: ইয়াত ক্লিক কৰক
আঁচনিৰ নিৰ্দেশিকাসমূহ: ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবছাইট: ইয়াত ক্লিক কৰক

সকলো বাতৰিৰ আপডেট প্ৰথমে লাভ কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰি আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত যোগদান কৰক।

Popular Jobs

You May Also Check